সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

মিলল হাঁহিৰে উজলি চৌদিশ,
 লুকাল পোহৰময়ী।
আনন্দলহৰী নাচি পৰি হাঁহি
 গাইছে কুলুলু তান।
বেলিৰ কাঞ্চন-পোহৰৰ ঢৌৱে
 উটালে প্ৰাণীৰ প্ৰাণ।

তেজীমলা।

তেজগোৰা বেলি জিলিঙনি মেলি
 সাবটিব আহি ধৰা।
পুৱাতে মলয়া উঠি ছঁয়াময়া
 বোলে উঠাঁ তেজীমলা!
মেঘ-মলা ৰঙা পিন্ধি দিগঙ্গনা
 সিঁচিছে আশাৰ ধাৰি
উত্ৰাৱল পানী, ৰঙা হাঁহি সানি
 খলকিছে ছুই ভৰি।

৫০