এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জলকুঁৱৰী।
সখীলৈ এছাটি মাৰিয়েই আকৌ
বুৰিল টুপুকীজনী।
মৰম পিয়াওঁ বুলি কতোজনী—
হাঁহক পিয়াহ দিয়ে।
পছম পাতত উঠি ডিঙি ধৰি
হালে-জালে দুজনীয়ে।
কেতেকী চৰায়ে ক’ত কি ক'ত কি
দিলেহি দিনৰ হাক,
ফুলাম ছইৰ তলৰপৰা কোনে
মাতিলে মৃদুল বাক?
বীণৰ জোঁকাৰ মলয়া বতাহে
উটাই আনিলে যেন,
জলৰ কুৱঁৰী কুৱঁলী সাজেৰে
পৰ্ব্বত জীয়াৰী হেন
গলত হীৰক, খোপাত মাণিক,
হাঁহিত মুকুতা পান্তি,
নীলোৎপল হাতে চৰণৰ পাশে
শঙ্খৰ ধৱল কান্তি।
সুদূৰ পূবত ঊষাদেবী সৈতে
মিলিল কুৱঁৰী গই,
৪
৪৯