সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তেজীমলা
 

ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি
 —তেজীমলা জক্‌মকায়!
চৌপাশে বেৰি মৰমে সাদৰে
 পানীৰ লতা বগায়।
মানুহ কুটুমে দলিয়াই পেলালে
 কাক নো কুটুম পালি?
মৰম বেথাৰে আজলী কুৱঁৰী
 এটাইকে নিজা কৰিলি।
তোৰে পানীৰ চৰাই সাঁতৰি ফুৰিছে,
 কতো বা উৰিছে বনাই।
মলয়া বায়ুৰে মিতিৰ পাতিলি
 —ঘৰৰ হে বাতৰি নাই!
দুপৰীয়া বেলি পানীয়ে উছালি
 সিচিছে মুকুতা তৰা।—
ফটিক পানীৰ মাজে মাজে ধীৰ
 চৰিছে পোৱাল দৰা।
সোণ-ৰূপ মাছ আহিছে গইছে,
 ঘৰ-পোহনীয়া তোৰে।—
মনত পৰে নে পাৰজুৰি তোৰ
 মাতিলে হাততে পৰে?

৫১