এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
নাচিছে আটাই দিগম্বৰী বালা
গাইছে প্ৰভাতী বুলি।
নাগবালা শাৰী ধৰিছে চাপৰি
শুনিয়ে আনন্দ মিলা
মানুহ লোকৰ নোহে ৰূপ খেল
নজনা বিচিত্ৰ লীলা।
এন্ধাৰে পোহৰে মিলন মাধুৰী
ৰূপৰ ধেমালি দৰা!
কিবা কি বিচাৰি কেজনী বুৰ দি
উঠিল পানীৰপৰা।
মুকুতাৰ মালা আঁৰি হাঁহ গলে,
চুমাৰে ৰঞ্জিলে ঠোঁট।
এৰা পাই হাঁহ ফুৰিছে বনাই
চৰিছে দুদুটি গোট।
কতোজনী গই পদুমৰ ৰেণু
ঘঁহিছে সৰ্ব্বাঙ্গময়।
ৰাঙ্গলীজনীয়ে চিঙ্গি পদ্ম-চুলি
মুঠিয়ে মুঠিয়ে লয়।
অথিৰ চঞ্চল ইজনীয়ে হাঁহি
সিচিছে হাঁহলৈ পানী।
৪৮