এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
ফুলনিত কোনে নিশা নাচিছিল,
ছিগি ৰই গল মণি।
ৰঙ্গিলীৰ ভাৱ হাঁহি নাচোনৰ
বল চিন এইকণি।
ৰাতিৰ ধেমালি জোনৰ নিফুট
হাঁহিৰে থইছে সানি
পুৱাৰ হেঙ্গুলি বেলিটিলৈ চাই
এটুপি চকুৰ পানী।
নীয়ৰ কলিৰে শোভে ফুল জুপি—
চাইছো ভাবতে ভাহি,
হায় কি বিষম পেলালি বায়ুৱে
জোকাৰি ফুলৰ পাহি।
⸻
মায়া।
মধুৰ মোহিনী মাত পৰিল কাণত,
ৰূপৰ প্ৰতিমা মোৰ নাচিছে হিয়াত।
গা মোৰ শিয়ঁৰে পাই কাৰ পৰশন?
চুমাৰ সোৱাদে হৰে মুখৰ বচন।
৪২