এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীয়ৰ ।
সৰাপাহি গল সৰি,
কোনে তাক চাব ঘূৰি?
—নতুন আনন্দে সবে ভোল।
সুখৰ দুখৰ কথা
সাঁচি বুকু মাজে বেথা
পাব পাহি অনন্তৰ কোল।
অনন্ত কোলাত কি সুখ কি দুখ?
—নেজানে গুণেই সকলো বিমুখ।
⸻
নীয়ৰ।
মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা।
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনী যোৱা।
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি।
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।
৪১