এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আশীৰ্ব্বাদ ।
নিশাহত আহে উৰি কিনো ফুল ৰেণু
গোন্ধে ভৰপূৰ মোৰ প্ৰতি সুখ-অণু।
ময়াজাল বিস্তাৰিলে সংসাৰ সুন্দৰী
পেলালে মেৰাই মোৰ আতমা আবৰি।
⸻
আশীৰ্ব্বাদ।
শ্ৰীমতী—আইটী প্ৰাণাধিকাষু—
মুকলি-মুৱীয়া জীয়াৰী জীৱন এৰি
কলৈ আজি যাবলৈ ওলালি?
মাৰৰ মৰম আদৰকো কাতি কৰি
ইমান নিদয় কিয় হলি?
সংসাৰৰ বিচিত্ৰ গতিত পাহৰিলি
ধূলি ধেমালিৰ ভাইটিকো;
গহীন মুখৰ ভাৱ দেখি আজি তোৰ
জানিলোঁ নহয় স্থায়ী একো।
স্নেহে ঢকা সংসাৰৰ তত্ত্ব কোনে লব,
মৰমৰ ছঁয়া-বাজি চাব?
দেখিছোঁ যি এয়ে ৰূপ নহয় ইয়াৰ
-কত ৰঙ্গ ধৰিব, সলাব।
৪৩