সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৃদয় সৰগ।
 

আলসুৱা পুলিটিক
 আলাসত থম।
জহত মাতিম বিনাই
 মলয়াৰ ৰাৱ;
লগতে জোনাক মাতি
 আনিম আকউ।
মউ-মাখি আতমাই
 সাঁচিব বাহতে মৌ,
প্ৰাণৰ প্ৰাণত শুনিম
 গুণ্‌ গুণ্‌ ৰৱ।
করুণাৰ গীত শুনি
 সুখ কথা ভুলি,
জগতক বিলাই দিম
 প্ৰেম মৌ থালি।


৩৫