এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
হৃদয় সৰগ।
কত লওঁ কত থওঁ
নাই দেখা ঠাই।
এনে নো পবিত্ৰ থান
আছেই কি নাই।
স্বৰ্গ কেনে কোনে জানে
শুধিমেই কাক?
হৃদয়েই মোৰ দেখোঁ
চিনাকি সৰগ।
তাতে মই থম মোৰ
পাৰিজাত পুলি
মন প্ৰাণ সপি দিম
সেৱাত সমূলি।
সদাই সিচিম পানী
প্ৰেম নিজৰাৰ,
একেঠৰে চাম ৰই
মুখখানি তাৰ।
ৰদ বৰষণ মই
গাতে পাতি লম,
৩৪