সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

বনকুৱঁৰী।

নিজম দুপৰীয়া শুহুৰীটি মাৰি
 মাতিলে নো কোনে কাক?
বিজন বনত কোন কত আছে?
 হালিছে গছৰ আগ।
গহিন গছত বতাহৰ ছাটি-
 পাত কঁপে থৰ থৰ।
হাবিৰ মাজৰপৰা কোনে নো বা
 মাতি উঠে ‘মৰ মৰ?'
মিচুক লতিকা গছক সাবটি—
 প্ৰতি অঙ্গে চুমা চুমি।
পাতৰ আঁৰত থাকি কপৌটিয়ে—
 কিবা কৰে জুমাজুমি!
মৰমৰ গীত জুৰিলে লাজুকী—
 মাত ফুটেই বা নাই।
বিৰিখে হাঁহিছে হালিছে জালিছে
 নইৰ মুখলৈ চাই।
কিবা কথা কয় নৈয়ে কুলু কুলু
 ইয়োটো ধেমালি যিহে!

৩৬