এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ বন্দনা।
মানৱ বন্দনা।
আহিছে মানুহ গইছে মানুহ—
মানুহ ময়াপী জীৱ।
মানুহ সোঁতৰ অন্ত নাইকিয়া—
বুলিলে মৰত কিয়?
মানবী জনম দিয়াঁ উটুৱাই
মানবী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
-ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ,
এই যে পৃথিবী স্বৰ্গতো অধিক,
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ।
কৰাঁ পূজা—অৰ্ঘ্য পাদোদক লৈ-
জয় জয় মানৱ দেৱ!
⸻
৩
৩৩