সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

কৰ্ম্মদেৱ।

কি দেখিছ৷? শিলেৰে বন্ধালোঁ এই হিয়া,
সাধনাৰ অসি হাতে ওলালোঁ এতিয়া।
কৰ্ম্মফল উছৰ্গিলোঁ কৰ্ম্মদেৱলৈ—
শৰীৰৰ ভস্মৰাশি দশ দিগলৈ।
কি ভয় মৰণে ৰণে, ভয় নাই, নাই,
কৰ্ত্তব্য-মুকুট শিৰে পিন্ধালে গোসাঁই।
পুণ্যময় তেজকণ উঠুক উছাহি—
তেজঃপুঞ্জে প্লাবিত কৰোক শৱৰাশি।
শক্তিৰ মন্ত্ৰেৰে আৰাধিলোঁ ইষ্টদেৱ,
শক্তিৰ সন্তান মই নোহোঁ আৰু কেওঁ।


৩২