এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলা সৰিয়হ ডৰা।
ফুলা সৰিয়হ ডৰা।
সংসাৰ চক্ৰৰ ঘানীত লগাই —
কি ৰং চাইছা মোৰ?
বিষয় পাকৰ পাঘুৰণি খাই—
পৰিলোঁ ভ্ৰমত ঘোৰ।
কি হব নো হেৰি, ঘানিয়ে ঘানিয়ে
গুটী সৰিয়হ পেৰি?
তেলিয়ে পেৰিব, জগত যোগাব—
কিয় মোক ধৰা বেৰি?
দিয়া মোক এৰি, চাওঁ গৈ ঘূৰি
ফুলা সৰিয়হ ডৰা।
সেয়ে আজিলৈকে থৈছে মোক মুহি—
পখিলা পাখিৰে ভৰা—
তাহানিৰ সেই সপোন দিনৰ
লৰালি কালৰে পৰা।
⸻
৩১