এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাধুৰী।
মাধুৰী।
ফুটোঁ নে নুফুটোঁ কৈ
কুমলীয়া কলিটি—
ওঁঠত লাজেৰে ৰৈ
মিচিকীয়া হাঁহিটি।
সামৰি, পাহৰি গৈ—
মেলি আধা প্ৰাণটি।
উদঙাই ঢাকি থৈ
উঠি অহা বুকুটি।
শোলকাই মোকলাই
এধা বন্ধা খোপাটি।
হয় নে নহয় কৈ
আধাফুটা মাতটি।
শুনো কি নুশুনো ঐ
উটি অহা গীতটি—
ৰিণিকি ৰিণিকি কৈ
কৰবাৰ বাঁহীটি।
উচুপি নিচুকি গৈ
খন্তেকীয়া ঠেহটি।
২৭