সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

লুকুৱা ভুমুকা কৈ
 ছয়াময়া পেঁচটি।
হাহোঁৱেই নে কান্দো কৈ
 ছল্‌ছলীয়া চকুটি।
ধেমালি খঙৰ নৈ
 মিঠা গাঁঠি থোপাটি।
ওলাওঁ নোলাওঁ কৈ—
 মন মোহা ঠগটি
“ন যযৌ ন তস্থৌ”
 অগা পিছা ভৰিটি।
সান-মিহলিৰ নৈ
 ওভতনি সোঁতটি।
সাঁথৰ ভাঙনি হৈ
 পানী-মিঠৈ গোটটি।
চাওঁ নে নেচাওঁ কৈ
 মৰমৰ দেহিটি,
দেবী নে মানবী ঐ
 মাধুৰীৰ ছবিটি!

২৮