সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

কিশোৰী।

ফুটোঁ ফুটোঁ কৰি কেনে নুমলী কলিটি
সামৰি আধেক, মেলি আধেক প্ৰাণটি,
খন্তেক লুকাই, পুনু ভুমুকনি মাৰি,
লাজ ধেমালিৰ আঁৰে ছোৱালী কিশোৰী!
মিচিকি হাঁহিৰে দুটি নিৰুদ্দেশ ভাৱ
প্ৰেমৰ আহ্বান মন্ত্ৰে ওলাওঁ ওলাওঁ—
ওলাই আহিব খোজে নাচি উলাহেৰে
হৃদয়ত বান্ধ খাই বাহু-লতা মেৰে –
বিলাই সৰল প্ৰাণ সমনীয়া মাজে—
খলকনি মাৰি হাঁহি ছয়াময়া সাজে।
দুৱাৰ মুখেতে কিন্তু কিনো উতপাত?
লাজে কোঁচ খাই নগল ওলাবৰ সত।
সৰল হাঁহিত পৰি লাজ ছিটিকনি
মলয়াৰ ছাটি পাই বুলি পদুমী।
প্ৰেমৰ বাঁহীৰ মাতে, লাজৰ কঁপনি
বিয়পি নীৰৱ শুনো হিয়া খলকনি।
লাজ-শান্ত উত্ৰাৱল নবীন হৃদয়,
কি মধুৰ প্ৰভাৱৰ দিছে পৰিচয়!

২৬