এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ইচ্ছা,মই
ইচ্ছা।
ইচ্ছাৰ বিৰোধে ভীম ঘোৰ শত শত্ৰু
সৰ্ব্বথা জিকিব সিটো ইচ্ছা যাৰ বলী।
জীৱন-যুদ্ধত ইচ্ছা প্ৰধান সাৰথি
কি ভয় মৰণে ৰণে ইচ্ছা সৰ্ব্বদলী।
⸻
মই।
সংসাৰ মোৰেই পূৰ্ণ দেখোঁ,
আছোঁ মাথোঁ নিৰঞ্জন মই।
নাই তুমি কেওঁ আৰু নাই,
পাৰাঁ যদি হোৱাঁ মোতে লয়।
মই মই মই মাত্ৰ বিপুল সংসাৰ-
মই মই মই সুৰে শুনা
বাজিছে প্ৰাণৰ বীণা তান
মই বিনা আছে নো কি গুণা।
⸻
২৫