এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা
“কূট।”
পাহৰা বিলত জানে৷ পৰি আছোঁ মই,
কিহৰ ৰাগীত তুমি আহাঁ?
কি টোপ পেলাই মোক মাতিছা বান্ধৈ,
বুজিছা জানো হে মোৰ দশা?
কি হব নি মোক ভাই মাতি ওচৰলৈ?
মই আছোঁ কিহবাত ভোল।
তোমাৰ গুৰিত মোলৈ আছে নে হে ঠাই,-
দিব কোনোবাই মোক কোল?
মৰমৰ টান দেখোঁ বৰকৈ কঠিন!
মৰম কোমল কোনে কয়?
“কিলোৱা কুটুম হে কুটুম” কিয় বোলে
বুজিলোঁ অৰথ তাৰ মই।
মাৰা, টানা, কিলোৱা বা যিহকে কৰিবা—
মই যে তোমাৰ, তুমি মোৰ।
কিন্তু মই চিনিও নিচিনা হলোঁ কিয়
কব পাৰা নে হে কূট ঘোৰ?
⸻
২৪