সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জোনাকী
 

জোনাকী।

এন্ধাৰৰ সিপাৰৰ
 পাহৰা জেউতি ফেৰি
বিৰিঙে ঊষাৰ ৰূপে
 অন্ধ আবৰণ ভেদি।
সোণালি সপোন সোঁতে
 আশাৰ প্ৰতিমাখন!
হৰিষ মলয়া বায়ু
 ছুই যায় পদুম-চৰণ।
পুৱাৰ মাধুৰী সুৰে
 জুৰিলে হিয়াৰ বীণ।
জগতে মেলিছে চকু,
 শুনি প্ৰতিধ্বনি ক্ষীণ—
“নহি জ্ঞানেন সদৃশং
 পবিত্ৰমিহ বিদ্যতে।”
এন্ধাৰত পোহৰ মেলি
 লুকাল গোসাঁনী ততে।

২৩