এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
বিশ্ব-ভাৱৰীয়া।
যি ভাবে দেখিবা এই সংসাৰ-ভাৱনা
সেই ভাবে গৰাসিব তোমাৰ জীৱন।
হিংসা দ্বেষ চকু দিলে পাবা হিংসা দ্বেষ,
প্ৰেমতো দেখিবা তুমি মধুৰ মিলন।
তুমি ভালে বিশ্ব ভাল, সবাতো সুন্দৰ,
বিকটালে মুখ কিন্তু বিকট বদন।
তুমিয়েই ভাৱৰীয়া রূপে বিশ্ব জুৰি
ক্ৰীড়িছা হে মানবাত্মা লীলা দেখুৱাই।
তুমিয়ে তোমাক চাই বখানি নিন্দিছা,
তোমাৰ মহিমা দেৱ, কৈও অন্ত নাই।
আপোন খেলত তুমি আপুনি মগন,
ভাঙিছ৷ পাতিছ৷, পৰি উঠিব শিকিছা,
সৃষ্টি পাতনিৰেপৰা নীল আকাশত
কিৰণৰ জাল মেলি ডাৱৰ ধৰিছা।
টিপচীটি হৈ উৰি টিপতে লুকাই
গৰুণ্ডৰ পখা মেলি বিচাৰি ফুৰিছা।
⸻
২০