সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অতৃপ্তি
 

অতৃপ্তি।

প্ৰাণৰ প্ৰাণত কিয় হেঁপাহ ইমান!
 সংসাৰ তো অতৃপ্তিৰ ঘৰ।
বিচাৰি গোটাই আনি অতনো ৰতন
 বান্ধিলোঁহি সম্পদৰ দ'ল।
সকলোৰ সোঁ-মাজতে হৃদয়াসনত
 থাপি থলোঁ লখ্মী গোসানী।
বাহিৰ জঞ্জাল পৰা মনক আকলি
 ধ্যানত বহালোঁ টানি আনি।
ধ্যানৰ মাজতে প্ৰাণে উচুপি উঠিল
 —কিহৰ চিন্তাত হায় ভোল!
ইমানতো কিনো আৰু অসম্পূৰ্ণ ৰল?
 লখিমীৰ নেজানিলে মোল।
অতৃপ্তিৰ নই বই তৃপ্তিৰ সাগৰ
বিচাৰি কেতিয়া পাব—অন্ত ভাগৰৰ।

২১