এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সংশয় ৰহস্য
সংশয় ৰহস্য।
শুকুলী হাতীত উঠি গোসাঁয়ে দেখিলোঁ
এন্ধাৰত দিলেহি পোহৰ মেলি,
বিকট কলীয়া এটা দানৱ লৰি আহি
পাতিলেহি ঘূৰি এন্ধাৰ-বেমেলি।
হাঁহি-সাগৰত উঠি বেজাৰ-ধুমুহা
বুৰালে সহস্ৰ জীৱন-তৰণী
ওফন্দি বিহৰ হ্ৰদ কলীয়া পানীৰ
প্ৰলয়ৰ বান্ধ দিলেহি ভাঙি।
এন্ধাৰে পোহৰে আৰু মৰমে বেজাৰে
সুখে দুখে সান-মিহলিৰ খেল।
ইটো যায় লগে লগে প্ৰাণ নিয়ে টানি
সিটো আহে আনে ধেমালিৰ মেল।
ভঙা গঢ়া, সজা পতা, হৰা জিকা যুজ,
দিনে ৰাতি হাঁহি কান্দোনৰ ৰোল।
সঁচা মিছা কিনো, ধৰিম এৰিম কাক?
সকলো বিসম ভ্ৰমৰ ঘোৰ।
⸻
১৯