এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
পাতলি গধুৰ ভাৰ উধাব জীৱন
পাহৰি ই পৃথিবীৰ শৃঙ্খল সন্তাপ।
হয় যদি এয়ে হক, মৰণৰ পাৰে
মুখতে দি মুখ দুটি তৰা মাৰ যাব।
⸻
নহয় সপোন।
আছিলোঁ সপোন বুলি, সি নহয়
দিন দুপৰৰ কথা।
বোলেও বোলক সংসাৰে, নহয়
মনৰো যে ভঙা-পতা।
দুখ-ভাগৰত আউজি বহিলোঁ
এজুপি বকুল তলে।
ঘৰৰ লখিমী আগ বাঢ়ি মোক
সাবটি বুকুত ললে।
চকু-লো টুকিলোঁ কেওঁ নেদেখিলে,
কি নো বুজিব লোকে?
নিচিনি চিনিলোঁ নেমানি মানিলোঁ
—নেৰিবি আই হে মোকে।
⸻
১৮