এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৌন্দৰ্য্য।
সৌন্দৰ্য্য।
কি মোহিনী মাৰি মোৰ ভুলালি হৃদয়!
ভাঙ্গিলি ব্ৰতৰ বান্ধ দুৰ্ব্বল প্ৰাণৰ।
ক'ত কৰবাত—এফেৰি ৰূপৰ কান্তি,
—অজ্ঞানে সজ্ঞানে সেয়ে ধ্যান জ্ঞান মোৰ।
ভুমুকি মাৰোঁগৈ যতো নাই আধিকাৰ।
উন্মত্তৰ দৰে ফুৰোঁ ঘৰত পৰত।
প্ৰাণৰ আকাঙ্ক্ষা মোৰ হল বহুমুখী,
-কৰ্ত্তব্যৰ ঋণ দেখোঁ নপৰে মনত।
ফুৰিছোঁ যাত্ৰীৰ বেশে স্বদেশ বিদেশ,
সৌন্দৰ্য্য আভাষ যতে পাওঁ একণিকা।
সুন্দৰৰ আৰাধনা জীৱনৰ খেল!
অভিনয় অন্তে ঘোৰ কাল যবনিকা।
১১