সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

কিবা চোৱাঁ, হাততে ৰতন
প্ৰেমেই যে শান্তি জগতৰ।

সপোন।

আছিলোঁ এদিন ধেমালি মগন
 কুমলীয়া বয়সত,
নাচি নাচি উৰি পখিলাটী আহি
 মোৰ কলেহি কাণত,
“আমাৰ ই দিন নেথাকে সদাই
 কান্দিব লাগিব মিতা।
মউৰ সোৱাদ হাঁহি ধেমালিও
 হবহে এদিন তিতা।”
সপোনৰ দৰে উৰি আহিছিল
 উৰি গল সিবা কলৈ।
এতিয়া দেখিছোঁ তাৰ সেই কথা
 ধৰিছে ফলিয়াবলৈ।

১০