সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা
 


প্ৰকৃতি।

ফুল কলি ফুলি গোন্ধ
বোৱাই প্ৰীতিৰ সোঁত,
 সৰি পাছে নাইকিয়া হল।
সি ফুলৰে মউ-পিয়া
এটা ভোমোৰা বলিয়া
 ঘূৰি ঘূৰি ফুৰিছে অকল।
উৰি ফুৰি বেজাৰৰ
হৃদয় ৰাগিণী তাৰ
 বৰষি হে সিও গুচি গল।
কৰ কোন কিবা হল,
চিন স্মৃতি পমি-গল।
 প্ৰকৃতি যে তেনেকৈয়ে ৰল!

আশা।

কিয় মোৰ আশা হায় আশাতে নৰয়?
ইমান বিঘিনি দেখি পৰি যায় জঁয়।
জগতৰ গতি দেখি পৰিছোঁ ভাগৰি।
নেলাগে নেপাওঁ যিটো কিয় মৰো পুৰি?

১২