পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৮০)

জননী জনম ভুমিৰ ভক্ত দেশানুৰক্ত বীৰ
 আহাঁহে জাতিৰ ভৱিষ্য-ভৰসা তৰুণ মুক্তশিৰ।

 মিলিছোঁ হেপাহে যি মহা উদ্দেশে সোণালী ভৱিষ্য গুণি
 জাতীয় আৱেশে দিছে উদগাই
 একেটি ব্ৰতৰ ব্ৰতী সৱে ভাই
 বলাহে উলাহে বেগে আগুৱাই স্বদেশ স্বজাতি বুলি!

 মিলনত আজি আপোন পাহৰি কৰোঁ সৱে কোলাকুলি;
 জিলিকে আগত জাতীয় আশাৰ
 নৱোজ্জ্বল ৰূপ,—নৱ সমাচাৰ;
 জাগে নৱ জাতি নৱ বিধানৰ নতুন পাতনি মেলি!

 কত, নিচলা প্ৰজাই আশা পালি চাই আছে ভাই আমাল’কে;
 বিলাসৰ ইটি নোহে নিমন্ত্ৰণ,
 সম্ভোগৰ নোহে ই মহা-মিলন,
 কৰিব লাগিব পণ আজীৱন দুখীয়া দেশৰ হকে।

⸺⸺

কাতি,
১৮৪১ শক