পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৭৯)

চিৰ যুগে হাঁহি-মুখে থাক আই সুখে তুলি শিৰ
 নীল-শৈল—শিখৰিণী কামৰূপ ধৰিত্ৰীৰ!

 ধনে ধানে পথাৰ ভৰা, ফলে ফুলে জলমল,
 কলকণ্ঠে নিজৰ জৰে-ছন্দ-ব্যাকুল সুশীতল,
কুঞ্জ-বনৰ তন্দ্ৰা ভাঙি বিহগে গায় আৰতি
—গন্ধে গীতে ধূপে দীপে পূজে নিতে প্ৰকৃতি।

আজিও তোৰ বীণাৰ ধ্বনি দিগ্‌-দিগন্তে উল্লাসিত,—
তীৰ্থ আই মোৰ, ধিয়ান আই মোৰ,
 স্বপ্ন আই মোৰ উদ্ভাসিত!

জিলিকিছে বুৰঞ্জীত তোৰ কত কীৰ্ত্তি কাহিনী,—
—গৰবিনী গিৰিৰাণী  যশ-পূণ্য-বাহিনী!

⸺⸺

চ'ত,
১৮৫৪ শক