পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৮১)

গীতি গন্ধ স্নেহে ভৰা মুৰ্ত্তিমন্ত স্বপ্নৱেশ—
স্বৰ্গ আমাৰ বসুন্ধৰাৰ,—ৰম্য আমাৰ মায়াদেশ
 চেনেহী মোৰ জন্ম-দেশ।
 ভৈয়াম ভূমি অৱদ্ধ;
 সুষুপ্তিৰ মোহ-মুগ্ধ,
হিমৰ হেম মুকুট পিন্ধি শাৰী শাৰী নীলাচল,
বেঢ়ি আছে অমৰ-বাঞ্চিত আমাৰ নিজান কুঞ্জঘৰ।

 চোঁৱৰ বিচে মলয় সমীৰ —
 পুৰন্দৰে ধুৱায় শৰীৰ,—
ওৰে নিশা জোনালীয়ে পৰ দি থাকে নীৰৱে,
পুৱাই পুনু জগাই দিয়ে গীতৰ বোলে বিহগে।
 শিলে শিলে নূপুৰ বজাই
 যুগ যুগান্তৰ বেথা জনাই
গহীন গুহাত নিবিড় বনৰ ৰুদ্ধ এন্ধাৰ নিচুকাই,
কত কৌটী বন-বালাই গুঞ্জৰিছে সৰ্ব্বদায়।
 নিটাল পথাৰ উঠে জিনি
 দূৰৰ হেম্বেলনি ৰিণি
হালে জালে নৈৰ কানত উলুবনৰ ফুলাম পাগ
গৰখীয়াৰ পেপাধ্বনিত শুনি বিহু গীতৰ ৰাগ।
 দিনটো বেলি ৰথত চৰি
 অস্তগিৰিত পৰে ঢালি,
 বুকুৰ তেজৰ বন্তি লগাই বিচাৰি সন্ধিয়াৰ ঘৰ;-
 বিদায় মাগি দি যায় ৰাজি লুইতৰে কলা জল।

⸺⸺

চ'ত,
১৮৩৯ শক