পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৭৬)

কাহানি খন—
 আই কাহানি খন—
 জিনিবি জীৱণ-পণ।

উত্তৰি সঙ্কট-সিন্ধু জিনিবি জীৱন-পণ?
গৰজে উৰ্ম্মি অলেখ বিঘিনি
 সেই বুলি আই লবিনে জিৰণি
অ’মোৰ অসম!  বীৰ প্ৰসৱিনী
 হবি নেকি আই আপোনঘাতিনী
 দিবি ভৱিষ্য বিসৰ্জ্জন?
দেশে দেশে আজি নৱ বিধান
 স্বাৰ্থৰ হকে মহৎ অভিযান।
 কিহেতু আই তই তেজিবি স্থান
 চিৰ পাহৰণিত লবি শয়ন।
উঠ আই জননী, সিংহবাহিনী
 দানৱ-দৰ্প কৰি দমন।
কুঞ্জত আই তোৰ ফুলিব ৰূপহী ফুল,
 আকাশত আই তোৰ উদিব তৰাৰ থূল
 বতাহত উঠিব হৰষৰ ৰোল,—
হবি আই কাহানি নদন-বদনী,—
 লভিবি আই তোৰ জগত-জননী
 শীৰ্ষে ৰত্ন-সিংহাসন?

আঘোন
১৮৫৪ শক