পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৭৫)

মিলিছোঁ হৰষে নবীন গৰবে
 জননী পূজাৰ যাত্ৰী,
বিদূৰি এন্ধাৰ ঘৃণা বিদ্বেষ
 পুৱাল নিৰাশা ৰাত্ৰি।
জিলিকি পূবত  মেঘৰ মাজেৰে
 আশাৰ সোণালী বেলি
সাম্য মৈত্ৰী  মুকুতিৰ ধ্বজা
 উৰিছে আঁচল মেলি।

ঢালিছে অমিয়া ধাৰা,—
কিবা উলাহত পূণ্য ভাৱত
 নিখিল আত্ম-হাৰা।
বলা উৎসৱত পূণ্য পৰৱত
 আগুৱাই সৱে ভ্ৰাতৃ।

⸺⸺

আহিন
১৮৪২ শক