পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৭৭)

জনম ভূমি  মাতৃ তুমি
 তোমাৰ হকে ধৰিছো দেহ;
তুমি যে আমাৰ উতলা হিয়াৰ
 তেজেৰে বোলোৱা শুৱনি দেশ!

তোমাৰ প্ৰতিভা দিব্য পোহৰে
 আপুনি মাতৃ তুমি প্ৰপন্ন,
 তোমাৰ প্ৰসাদে তুমি প্ৰসন্ন,
তোমাৰ হাঁহিৰে ধৰণীৰ ধন্য
 সুন্দৰ চাৰুবেশ!

ওপজা কালতে তোমাৰ কোলাতে
 শুনিলো যি ফাকি অগ্নি-বীণ,
আজিও সি সুৰ নাই পৰা জুৰ
 জনমতো মোৰ নাযাব জীণ;
 —মাতৃ পূজাৰ নহব শেষ!

জনম ভূমি মাতৃ তুমি
 তোমাৰ যশত আমাৰ গৰ্ব্ব—
 তোমাৰ পূজাই আমাৰ পৰ্ব্ব—
 তোমাৰ স্বাৰ্থত আমাৰ হৰ্ষ
 উথলিছে অনিমেষ।

আহিন
১৮৫৭ শক