পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতাৰ আকাৰে উলিওৱা হল। কিন্তু প্ৰত্যেকটি গীতৰ সুকীয়া সুৰ আছে। ইয়াৰ কেইবাটিও গীত সভা সমিতি বা উৎসৱাদিত গোৰা হৈছে। দুই চাৰিটা গীত, গ্ৰামোফনৰ বাবে ৰেক কৰা হৈছে। আন আন গীতবিলাকৰৰ সুৰ কোনোবাই জানিবলৈ ইচ্ছা কৰিলে ৰচকৰ পৰা পাব পাৰিব; অথবা গায়কে নিজ ৰুচি মতে কোনো সঙ্গত সুৰ দি গাৰ পাৰিব। গায়কসকলৰ আগ্ৰহ হলে এই পুথিৰ গীতবিলাক—বিশেষকৈ জাতীয় গীতবিলাকৰ কিছুমান বাছি ভৱিষ্যতে স্বৰলিপি প্ৰকাশ কৰাৰ আশা থাকিল। সঙ্গীতত অনভিজ্ঞতাৰ কাৰণে সুৰ লগাই গাব নোৱাৰা সদাশয় সাহিত্যিকসকলে ইয়াক কবিতাৰ পুথি স্বৰূপে গ্ৰহণ কৰিলেও লেখক কৃতাৰ্থ হব। বহুতো গীতৰ লগত মোৰ তাহানি কালৰ কোমল বয়সীয়া বন্ধুসকলৰ সহানুভূতি আৰু সেহ-আগ্ৰহৰ স্মৃতি জড়িত হৈ আছে। কিছুমান জাতীয় সঙ্গীত ৰচনাত মোৰ লগৰীয়া সাহিত্যানুৰাগী সঙ্গীত প্ৰিয় কেইজনমান বন্ধুৰ পৰা আশাতীত উদগনি পাইছিলো;—তাৰ ভিতৰত মোৰ পুৰণি বন্ধু মৌঃ মহিবুদ্দিন আহমদ, চেনেহৰ মিতা শ্ৰীযুত মহেন্দ্ৰ ফুকন, বাল্য- সঙ্গী শ্ৰীযুত দৈবচন্দ্ৰ তালুকদাৰ, সহপাঠী শ্ৰীযুত আনন্দ বৰদলৈ আৰু সুগায়ক শ্ৰীযুত প্ৰফুল্লচন্দ্ৰ বৰুৱা প্ৰভৃতি বন্ধুসকলৰ নাম সকৃতজ্ঞ ভাৱে সুৱৰিছে। গীতবিলাক পুথিৰ কাৰণে গোটাওঁতে সহায় কৰাৰ বাবে মোৰ মৰমৰ ডেকা বন্ধু শ্ৰমান পূৰ্ণচন্দ্ৰ ভৰালী, শ্ৰীমান কামুৰাম দাস, শ্ৰীমান থানেশ্বৰ বৰুৱা, আৰু শ্ৰীমান অতুলচন্দ্ৰ হাজৰীকা আদিৰ ওচৰত

মই কৃতজ্ঞ। এই পুথি ছাপাওঁতে কলিকতাৰ শ্ৰীমান গগনচত্ৰ পাটোৱাৰী আৰু শিৱসাগৰৰ শ্ৰীমান কৰুণাকান্ত গগৈদেৱে যি সাহায্য কৰিছে তাৰ কাৰণে তেওঁলোকৰ ওচৰতত মই বিশেষ ভাৱে গুণ।