পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

॥৹

বেলেগ পুথি প্ৰকাশ কৰাই শ্ৰেয়। তদনুসাৰে প্ৰথম পুথি “প্ৰতিধ্বনি’’ ৰাইজৰ আগলৈ উলিওৱা হ'ল। ইয়াত কোমল বয়সীয়া পোনাহঁতৰ আৰু শিক্ষাৰ্থী বা ডেকাসকলৰ উপযোগী গীতবিলাক সন্নিৱিষ্ট কৰা হৈছে। বৰ্তমানে সঙ্গীত চৰ্চা বৃদ্ধি হোৱাৰ লগে লগে কোমলমতি শিশু আৰু তৰুণসকলৰ উদ্দেশ্যে সুকীয়াকৈ সংগ্ৰহ কৰা গীতৰ পুথি এখন আমাৰ বিশেষ আৱশ্যক হৈ পৰিছে। তেওঁলোকে এই ৰচনাবিলাকৰ পৰা কিবা প্ৰেৰণা পালেই ৰচকৰ পৰিশ্ৰম সাৰ্থক হব।

 লিখকৰ বাকী দুখন গীতৰ পুথিত যথাক্ৰমে গহীন ভাৱৰ ৰচনা আৰু আদি ৰসৰ ৰচনাবিলাক সজোৱা হৈছে।

 প্ৰতিধ্বনিত প্ৰকাশ হোৱা কেতবিলাক গীত আগেয়ে কোনো কোনো আলোচনীত প্ৰকাশ হৈছিল; এতিয়া তাৰে দুই এটি গীতৰ ঠায়ে ঠায়ে অলপ লৰচৰ হৈছে। হয়তো নকল কৰি আলোচনীলৈ পঠাওঁতে কিবা ভুল হৈছিল, নাইবা সুৰ তাল সুৱলা কৰিবলৈ পাচত আৱশ্যক মতে শুধৰাই দিয়া হৈছে।

 গীতবিলাকৰ প্ৰত্যেকটিকে নিজা সুৰত ৰচনা কৰা হৈছে। বেছি ভাগৰ সুৰ মিশ্ৰিত;—পুথিৰ শেষ ছোৱাত থকা জাতীয় গীতৰ বহুতো “কোৰাচ” সুৰৰ গীত আৰু পাশ্চাত্য ঠাচত সুৰ লগাই গাব পৰা গীত। কেইজনমান বন্ধুৱে গীতবিলাকৰ স্বৰলিপিও ৰচনা কৰি পুথিৰ লগতে প্ৰকাশ কৰিবলৈ উপদেশ দিছিল, কিন্তু স্বৰলিপি দিয়া কিমান কষ্টসাধ্য আৰু ব্যয়-সাপেক্ষ তাক বুজা জনে ভালকৈ জানে।

 সুৰবিলাকৰ প্ৰকৃত নাম দিবলৈও সম্ভৱ নহয়, যিহেতু বহু ভাগ মিশ্ৰসুৰ, আৰু প্ৰকৃত নামাকৰণ কৰিবলৈ লেখকৰ সঙ্গীতৰ জ্ঞানে নুকুলায়।

 এতেকে বৰ্ত্তমানলৈ সেই সকলো আশা পৰিত্যাগ কৰি ৰচনাবিলাক