পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৭১)

আগ বাঢ়ি ভাই বলা সৱে,
 —বাট জিৰাবৰ সময় নাই;—
আগত আছে বহু বিপদ
 বাধা বিঘ্নি অন্তৰায়।
বিল্পি আমাক দীন দুখীয়াক পদে পদে পায়;
বিপদ আমাৰ পথৰ সঙ্গী, ফুৰে চেলু চাই;—
তথাচ যুঁজ আহিম জিনি
 দুৰ্ভাগ্যৰ ভেটা ভাঙি,—
 পাচ পৰিবৰ কথা নাই,
 বাট জিৰাবৰ সকাম নাই।

⸺⸺

মাঘ
১৮৪৬ শক