পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৭২)

লগ্ন উকলি যায়,—
 লগ্ন উকলি যায়,—
আৰু নো শোৱাৰ  সময় তোমাৰ
 আছে নে ডেকা ভাই?
শতুৰে শিঙা বজায়;—
 ৰবানে টোপনি যাই
আগত বিশাল সমৰ ক্ষেত্ৰ—
 —দুহাত সাৱটি চাই!
নহয় জীৱন  ৰূপৰ সপোন,—
 (ই যে) কৰ্ম্মৰ উতলা ধল,
জীৱন তোমাৰ  মুক্তি-যুঁজৰ
 শুদ্ধি-ব্ৰতৰ থল;—
জীৱন তোমাৰ  দীপক-বীণাৰ
 মন্ত্ৰ-সাধন-গান,
সিদ্ধিৰ কাৰণে  ৰক্ত তোমাৰ
 কৰিব লাগিব দান।
 কৰিব লাগিব দান,
দেশৰ কাৰণে দহৰ কাৰণে ৰক্ত লাগিব দান।

আহিন
১৮৫৯ শক