পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


( ৭০ )

শুভক্ষণে আজি শুভ সম্মিলনে
 ধৰা সমস্বৰে মঙ্গল-গান;

উঠলি উঠিছে  বিশ্ব মানৱ,
 নবীন উলাহত নাচে প্ৰাণ।
 ৰঙালী জগত,  ৰঙালী জীৱন,
 মুক্ত আকাশ, মুক্ত পৱন,
শূণ্যত বৰষে,  আশীষ কিৰণ,
 স্বৰগত উঠে মিলন-গান!

মিলিছোঁ সকলে এৰি ভেদ-ভাৱ,
প্ৰাণে প্ৰাণে উঠে প্ৰাণৰ আৰাৱ,
একেটি কৰ্ম্ম,  একেটি ধৰ্ম্ম,—
 একে বাটে হওঁ আগুৱান।
একে কৰ্ত্তব্য, একেটি লক্ষ্য
 ফুটে সৱাতে মনৰ ঐক্য;
আজি শুভক্ষণে  সৱে ৰঙ মনে
 হওঁ এক-গঁথা একেটি প্ৰাণ।

⸺⸺

জেঠ,
১৮৪১ শক