পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৬৯)

ঘাটত বহি হাত সাৱটি ৰবি কিমান চাই?

—অনন্ত যে কৰ্ম্ম-সুতি আগেদি বৈ যায়;—
 হেৰ, ৰবি কিমান চাই?
 খলক লাগে বিশ্বজগত
 খলক লাগে পাৰ,
কেউফালে ঢৌ থৌকি বাথৌ উঠে উজাৰ খাই;—
 হেৰ, ৰবি কিমান চাই?
আছেনেকি সময় আৰু ভাগৰ জিৰাবৰ?
ধাৰত পাৰি দে নাও, বলেৰে গোৰ ধৰ;—
 গুণি গাঁথি থাকিবিনে ভাগ্যকে ধিয়াই
 হেৰ, ৰবি কিমান চাই?

মুকলি হ’ল মৰা সুতি খুলিল ধাৰৰ মুখ,
উৰি আহিল মুক্ত বতাহ, আহিল সত্য যুগ;—
 দীন দুখীয়া বুঢ়া-জৰা সৱেও দিলে উক—
 আৰু ৰবি কিমান চাই?

⸺⸺

ভাদ,
১৮৫১ শক