পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৬৮)


আপোন কৰ্ত্তব্য ধৰি

বলা সৱে আগবাঢ়ি;-
হৃদয়ত আছে শক্তি,
সহায় আছে ভগৱান।
দূৰত ৰিণিকি ৰিণি
জিলিকে ভৱিষ্য খনি;
উলাহে অন্তৰ জিনি,
উঠিছে আশাৰ গান-
হৃদয়ত আছে শক্তি
সহায় আছে ভগৱান।
দীঘল দুৰ্গম বাট
বাধা বিঘ্নি অসংখ্যাত;⸺
দিবা প্ৰভু আশীৰ্ব্বাদ,
লভোঁ যেন লক্ষ্য স্থান-
হৃদয়ত আছে শক্তি
সহায় আছে ভগৱান।

জেঠ,
১৮৯২ শক