পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৬৭)
জনম ভূমিৰ চৰণ-তলত জীৱন অৰপি ভাই
জাতীয় যুজৰ যোদ্ধা সকল বলা বলা আগুৱাই-

 বাজিছে তোমাৰ বিজয়-ডঙ্কা
 নকৰা অকণো দ্বিধা শঙ্কা
মহা পৰীক্ষাই মাতিব লাগিছে ৰবৰ সময় নাই।

 জুলিব বিজুলী, হানিব অশনি
 উঠিব ঝঞ্ঝা, প্ৰলয় অগনি
আগত তোমাৰ শৌৰ্য ধৈৰ্য্যৰ মহা পৰীক্ষাৰ ঠাই।

 ৰাখিব লাগিব দেৱৰ মন্দিৰ
 গৰিমা কীৰ্ত্তি পুৰুষ পিতৃৰ
সকলো শত্ৰু বিঘিনি-দৈত্য জিনিব লাগিব ভাই।

 তোমাতে নিৰ্ভৰ কৰিছে দেশৰ
 ভৱিষ্য ভাগ্য ফলাফল শেষৰ
স্বাধিকাৰৰ স্বৰ্গ অথবা চিৰ-দাসত্ব-দায়।

চ’ত,
১৮৩৫ শক