পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৬৬)
ভয় ভীতি  কাক বোলে
 নেজানো মুঠে-
ৰাইজৰ আল-ধৰা
 আমি ডেকা লৰা,
মুখত বীৰৰ তেজ
 জেউতি ফুটে—
পাচলৈ চাবলৈ নাই অভ্যাস,
সমদলে সমনীয়া মনত উলাহ,
সমাজৰ দুখ-খেদ
 দূৰ কৰোঁ ভেদাভেদ—
মাতৃৰ সেৱা-ব্ৰত
 পালিছোঁ নিতে।

আহিন,
১৮৫৮ শক