পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৬৫)
গগন জিনি উঠে প্ৰভুৰ পাঞ্চজন্যৰ সিংহনাদ
জগত জুৰি ঘোষি পুনু সত্য যুগৰ সুপ্ৰভাত।
 আমাৰেহে বিলাই বিষাদ,
 এলাহ নিদ্ৰা অৱসাদ,
মেলি নয়ন চোৱা ভুৱন, কৰ্ম্মী জগত শক্তিমান—
তিমিৰ ঠেলি উঠে বেলি জ্ঞানৰ প্ৰভা জ্যোতিৰ্স্মান্।
 সৱে স্বাধীন সৱে হৃষ্ট;
 আমিহে বেদনা ক্লিষ্ট
জীৰ্ণ হৃদয় জৰাগ্ৰস্ত, দুৰ্ব্বল দেহ, ভগ্ন প্ৰাণ-
বিশ্বব্যাপি মহোৎসৱ নতুন শক্তি নতুন প্ৰাণ।
 ভাঙাহে মোহ, ভাঙা বান্ধোন,
 এৰা এলাহ কাতৰ কান্দোন,
জগত জিনি লোৱা মান গুচাই অভাৱ অভিমান।

ফাগুন,
১৮৩৯ শক