এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিদান
(৬১)
ৰবৰ সময় নাই,
আৰু, শুবৰ সময় নাই।
(তোৰ ),—দুৱাৰ মুখত দানৱে জয় দুন্দুভি বজায়।
ৰবি কিমান কানি-খোলাত,
আলস্যৰ চেঁচা-কোলাত
পৰি ভকত ভাই?
কাল-টোপনি দিলেহি জগাই,
বুকুত উঠি জয়ডঙ্কা শতুৰে কোবাই;
জগত জুৰি হুৰা হুৰি,—
লাগে হেঁচা ঠেলা
বিপদে তোক আগুৰিলে
কেউ ফালেদি বেৰা;—
(এবে) কাল গৰাসৰ পৰা
ৰক্ষা কৰ ঘৰ-বাৰী তোৰ, ভকত এই বেলা।
এতিয়াও দোমোজাত,
অনিশ্চিত আশঙ্কাত
মুঢ়ৰ দৰে থাকিবিনে ভাগ্যকে ধিয়াই।
⸻
১৮৫৫ শক |