পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৬২)

পুৰুষ-সিংহ ন’ যোৱান!
খোজে খোজে উল্কা ফুটে
 মেদিনী হয় কম্পমান।
উগ্ৰ-ধীৰ ক্ষত্ৰ-বীৰ
 উন্নত-শিৰ মুক্ত-প্ৰাণ,
 ‘উত্তিষ্ঠত জাগ্ৰত
 প্ৰাপ্য বৰাণ্‌ নিবোধত’
বীৰ্য্য-ধাৰী  ব্ৰতাচাৰী
 গৰ্ব্বী ধীৰ শক্তিমান!
 বীৰ ভোগ্যা বসুন্ধৰা
 যোগ্য বলে শাসন কৰা
পৌৰুষৰ দণ্ড ধৰা,—
 শক্তৰ ভক্ত ভগৱান।

পুহ,
১৮৫৮ শক