পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

( ৬০ )


মাৰিবি বঠা, মাৰিবি ডাৰ,
ধৰিবি গোৰ খন বলেৰে গাৰ;-
বাৰিষাৰ সোঁততে দিছোঁ ভেল মেলি
 নেজানো ক’তবা উঠিম পাৰ।
 বাঢ়নী পানী কৰে টলবল
 নামিছে বলিয়া ধল,⸺
আমি নাৱৰীয়া  আজি দুপৰীয়া
 বানৰ বেগকে কৰিছোঁ সাৰ
 ফন্-ফন্ কাটি আহিছোঁ ধাৰ।
আহিব বিয়লি এন্ধাৰে ঢাকি
উৰিব নিশাৰ কলীয়া পাখি
খৰালি উৰুঙা পৰিব টটঙা
 নাৱে দিব পানী, ভাঙিব ডাঁৰ
-নাই সি ভাৱনাৰ সময় আমাৰ।
ডকা চাকনৈয়াত পৰেহি নাও
 ঢোলোকে-ঢোলোকে পানীকে খাওঁ
(পুনু) চলে জাত জাত,-
 ডেকাধনি গাত,
 —উৰে যৌৱনৰ উলাহী পাল;
 বলিয়া বতাহ, বলিয়া ধাৰ

আহাৰ,
১৮৩৯ শক