পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৫৯)
জীয়াই ৰব লাগে যদি,
 লাগে যদি ঠাই—
পাচৰ ফালে  নহয় চালে,
 —বুকু ফিন্দাই উঠা ভাই
কেনিও কতো নাই অৱসৰ
সংগ্ৰাম ই যে চিৰ কালৰ
তীব্ৰ বেগে জীৱ জগতৰ
 চলে সৰ্ব্বদায়-
বিচিত্ৰ ই বিৰোধ-খেলা
জাতি যুজৰ হেঁচা-ঠেলা,
বিৰক্ত হৈ দিলে ঢিলা,
 —শতুৰুক দি লাই-
কোনো কালে  পৰিত্ৰাণৰ
 নৰব উপায়।

আঘোন,
১৮৫৭ শক