পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৫৬)
নাই শুনা মই মোৰ বাণী,
 নাই পোৱা মই তোমাক জানি,
হাজাৰ বিজাৰ প্ৰজাৰ তোমাৰ
 আল ধৰোঁ মই তোমাক মানি
নুবুজোঁ মই বেদ, গীতা-
 তন্ত্ৰ-বিধি-সংহিতা—
 আছে জগৎ-গুৰু পিত
 মৌনী মহা জ্ঞানী—
(মাথোঁ) তাকে লৈছোঁ মানি।
পূজা-ক্ৰিয়াৰ নিচিনো পথ
 জীৱ-সেৱাই মোৰ ব্ৰত
 হৰিষ-বিষাদ নাই মনোৰথ
 ক্ষুদ্ৰ যে মই প্ৰাণী—
(মাথোঁ) তাকে লৈছোঁ মানি।

পুহ,
১৮৫৮ শক