পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৫৭)
সুনীল অনন্ত নীৰ!
স্বাধীন তুমি, মুক্ত তুমি,
 সৌম্য সুস্থিৰ;
ঝাঞ্চা-মেঘ, প্ৰলয়-প্ৰমাদ,
—হৰ্ষ-বিষাদ, ক্লান্তি-আহলাদ,
স্বচ্ছন্দে সামৰি হিয়াত
 অতল গভীৰ⸺
কত গ্ৰহ চন্দ্ৰ উদে,
 নিশা সন্ধ্যাই নয়ন মুদে,
উষা জাগে  কণক ৰাগে
 নৱ ঘন নীলাম্বুদে,
হিৰন্ময় হিয়াত দোলে
 অনন্ত মিহিৰ;
ওপৰে জলদ-ভেৰী,
 আৱৰ্ত্তই পাৰে গেৰি,—
অতল জলধি-তলে
 স্নিগ্ধ-তিমিৰ বেঢ়ি,
গম্ভীৰ যোগীবৰ
 মৌন বধিৰ!

আহিন,
১৮৪২ শক