পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৫৫)
আমি উঠন ডেকা;—
পোনে পোনে খোজ লওঁ-
 —বাট নিচিনো বেঁকা;
মূৰ থিয়—ফিন্দাই হিয়া—
 কপালত জয়-লেখা।
বতাহ আমাৰ ৰাংঢালী,
 ধৰণী নৱীন,
আকাশ আমাৰ জলক লগা
 ৰঙতে ৰঙিন।
সাঁচত গঢ়া, ৰূপত চৰা,
 চকুত উজল-ৰেখা
(আমি) দিগ্বিজয়ী ডেকা-।

আহিন,
১৮৫৯ শক