পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৫৪)
সিংহ মুকলি হল
পিঁজৰ ভাঙি শিকলি ছিঙি
 সিংহ মুকলি হল
 —জাগিল ডেকাৰ দল।
সাজিল সৈন্য অক্ষৌহিণী
বাজিল বিজয় শঙ্খ ধ্বনি
ৰাজ্য উজাৰি   উঠিল গুঁজৰি
 তৰুণ-শকতি-বল;
 মুকলি কৰি সত্যৰ দুৱাৰ
 হিন্দোল পাৰে তৰুণ যুবাৰ
 নতুন উলাহ-ধল।

পুহ,
১৮৫৮শক